এইবাৰ পোহৰলৈ আহিছে অসম আৰক্ষীৰ খাকী পোছাকত দাগ লগোৱা মৰিগাঁও জিলাৰ এজন আৰক্ষী বিষয়াৰ এক নিৰ্লজ্জ কৰ্মকাণ্ড।

সাংবাদিকক ধমক দিয়া কোন এইগৰাকী আৰক্ষী বিষয়া?জেলত ভৰাম বুলি সাংবাদিকক ধমক এগৰাকী আৰক্ষী বিষয়াৰ।
অভিযুক্তক সুৰক্ষা দিবলৈ উঠিপৰি লাগিছে মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছাবিৰ আলী।
ছাবিৰ আলীৰ দৰে আৰক্ষীৰ বাবে খাকী পোছাকত দাগ লাগিছে আৰক্ষীৰ।
প্ৰথমতে শুনি লওঁক এই কল ৰেকৰ্ডটো। যত অভিযুক্তক সুৰক্ষা দিয়াৰ নামত সাংবাদিকক দিছে ভাবুকি।
অভিযুক্তক সুৰক্ষা দিবলৈ সাংবাদিকক জেলত ভৰোৱাৰ অপেন চেলেঞ্জ দি দাগ লগালে মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছাবিৰ আলীয়ে।
আনকি চাৰি পাষণ্ড যুৱকৰ আতিয্যত ফুছলাই মৈৰাবাৰীৰ ব্ৰহ্মপুত্ৰৰ লুইতৰ বুকুত নি কৰা porn ভিডিঅ নিৰ্মাণৰ অভিযুক্তসকলক ৰক্ষণাবেক্ষণ দিবলৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে উঠিপৰি লাগিছে বুলি পোহৰলৈ অহা অভিযোগে এতিয়া বহু প্ৰশ্নৰ উদয় হৈছে আৰক্ষীৰ দায়িত্ব আৰু কৰ্তব্যক লৈ!
কেৱল এয়াই নহয় মৈৰাবাৰী থানাত চলি থকা একাংশ দাললৰ দপদপনিয়ে নিদ্ৰা হৰণ কৰিছে সাধাৰণ ৰাইজক।
পূৰ্বৰ আৰক্ষী বিষয়াই বন্ধ কৰি যোৱা থানাৰ একাংশ দালাল আৰু ড্ৰাগছ বেপাৰীক বৰ্তমান আৰক্ষী বিষয়াই কৰি যোৱা মিতিৰালিয়ে এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র মৈৰাবাৰীত।
टिप्पणियाँ